কেতিয়াবা সময়ক সুধিবছোঁন তাৰ যাত্ৰা কোনফালে,তাৰ লক্ষ্য কি? উত্তৰত ভেঙুচালি কৰি সময় পাৰ হৈ যাব সুদূৰলৈ। নাহ্ বাদদিয়ক এতিয়া সময়ক উপলব্ধি কৰি চাওক। ঘড়ীৰ টিক্ টিক্ শব্দৰ লগত আপোনাৰ বুকুৰ ধপ্-ধপনি ৰিজাই চাওক এতিয়া হয়টো উপলব্ধি কৰিব সময়ৰ অস্তিত্ব আৰু মূল্য। ধৰিলওক সময়ক জোৰ কৰি আপুনি ৰখাই থ’লে,মনত ৰাখিব এই সময়খিনিত ঘড়ীৰ টিক্-টিক্ শব্দ স্তব্ধ আৰু লগে লগে আপোনাৰ বুকুৰ ধপ্-ধপনি। নাই কাহানিও নোৱাৰে।কাৰণ এইখিনিয়ে সময় য’ত আমাৰ জীৱনটোও স্তব্ধ।

গতিকে সময়ৰ লগত মিলি যাবলৈ আমি চেষ্টা নকৰনো কিয়?অতীতৰ অসম্পূৰ্ণ সপোনৰ পিছত লাগি, বেদনাবোৰ বুকুত বান্ধি নিজকেনো কিয় স্তব্ধ কৰি ৰাখো। সেই যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ কবিতাটোৰ নিচিনাকৈ “অতীতক যোৱাহে পাহৰি”।


অলপ ৰ’ব দুৱৰাদেৱে আকৌ কৈছিল “অতীতক নেযাবা পাহৰি”। কবিতাটোৰ অন্তনিৰ্হিত ভাৱৰ গভীৰলৈ নাযাও।অলপমান পৰ্দাথ বিজ্ঞান মনত পেলাওকছোন।ধৰিলওক এই ঘূৰ্ণিয়মান পৃথিৱীত ঘড়ীৰ টিক্-টিক্ শব্দ অৰ্থাৎ সময়ৰ লগত জীৱনটো চলাই নিবলৈ আপুনি এটি বৃত্তত ঘূৰি আছে। নিশ্চয় এই ঘূৰ্ণিয়মান গতিত আপুনি এক চেণ্ট্ৰিপিটেল ফ’ৰ্চৰ সন্মুখীন হ’ব।যিয়ে আপোনাক প্ৰকৃততে জীৱনৰ সেই বৃত্তটোত ঘূৰিবলৈ উপযুক্ত বৃত্তীয় পথটো দিব। যাৰ অনুপস্থিত আপুনি কেতিয়াবাই বৃত্তীয় পথটোৰ পৰা পথচ্যুত হ’ব।ঠিকতেনেদৰে বৰ্তমান জীৱন সুচাৰুৰূপত চলাবলৈকে আপোনাক অতীতৰ নিতান্তই প্ৰয়োজন। নহ’লে ভৱিষ্যতৰ সপোন দেখি দেখি আপুনি আপোনাৰ বৰ্তমানতে জীৱনটোৰ অস্তিত্ব কেনি হেৰাই ঠিক নাই।অৰ্থাৎ সেই চেণ্ট্ৰিপিটেল ফ’ৰ্চ যাক আপুনি আপোনাৰ অতীত বুলি ক’ব পাৰে আৰু বৃত্তটোৰ কালি য’ত আপোনাৰ অতীতবোৰ থুপ খাই থাকিব।তেনেদৰে বৃত্তীয় পথটোৰ প্ৰতিটো বিন্দু আপোনাৰ বৰ্তমান আৰু এটা বিন্দুৰ পৰা আনটো পৰৱৰ্তি বিন্দু আপোনৰ ভৱিষ্যত সূচাব।


শেষত এয়াই ক’ব পাৰি বেয়া অতীতবোৰ পাহৰি যাওক যি আপোনাৰ বৰ্তমানৰ সুখখিনিও কাঢ়ি লৈ যায়।ভৱিষ্যতৰ সপোন দেখক, কিন্তু তাক পোৱাৰ নিমিত্তে আপুনি কোন, ক’ৰ পৰা আহিছে,কিয় আহিছে সেয়া পাহৰি নাযাব নহ’লে ভৱিষ্যত ঢুকি নাপাওতে বৰ্তমানতে আপুনি নিজকে নিজে হেৰুৱাই পেলাব।☺

দুলজিৎ পাটগিৰি


Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.