মোৰ চিন্তা - SeekNLearn.in

মোৰ চিন্তাৰ পৰিসৰ,
চিন্তা কৰি নাপাবা,
মোৰ চিন্তাৰ দীঘ,
চিন্তা কৰি নাপাবা ,
মোৰ চিন্তা অসীম,
তুমি ঢুকি নাপাবা ।
মোৰ চিন্তাত ঘটা ঘটনা,
চিন্তা নকৰা,
মোৰ চিন্তাৰ আবেগ,
অনুভৱ নকৰা ,
মোৰ চিন্তাৰ বিষয়,
তোমাৰ একো কাম নকৰা ।
মোৰ চিন্তা,
মোৰ মন,
মোৰ চিন্তা,
মোৰ ধন ।
মোৰ চিন্তা,
মোৰ ভক্তি,
মোৰ চিন্তা,
মোৰ শক্তি ।
মোৰ চিন্তা,
তুমি কাঢ়িব নোৱাৰা,
মোৰ চিন্তা,
তুমি ভাঙিব নোৱাৰা ।
মোৰ চিন্তা,
মোৰ আশা,
মোৰ চিন্তা,
মোৰ ভৰষা ।
মোৰ চিন্তা,
মোৰ মিত্ৰ,
মোৰ চিন্তা,
কল্পনাৰ চিত্ৰ ।
মোৰ চিন্তাই,
হিয়াত হিয়াত উমলে,
মোৰ চিন্তাই,
বুকুৰ মাজত খেলে,
মোৰ চিন্তা,
উমি উমি জ্বলে ।


0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.