মই মানসিক ৰোগী - SeekNLearn.in

মই মানসিক ৰোগী,
নাই মোৰ মনৰ স্থিৰতা,
সহিব নোৱাৰো মই,
পৃথিৱীৰ অস্থিৰতা ।
মই মানসিক ৰোগী,
নাই মোৰ মনৰ ঠিকনা,
আত্মীয়ই এৰিছে মোক,
নাই মোৰ স্থায়ী ঠিকনা,
মই বাটৰুৱা,
মই আধৰুৱা,
মই মানসিক ৰোগী,
মই ভাগৰুৱা ।
সমাজত ঠাই নাই মোৰ,
মই সমাজৰ জাৱৰ,
মই ভোকাতুৰ,
খাদ্য মোৰ জাৱৰ ।
মই মানসিক ৰোগী,
মোৰ নাই অস্তিত্ব,
মোৰ নাই ব্যক্তিত্ব,
নহয় মই নাগৰিক ,
নালাগে মোক নাগৰিকত্ব ।


2 Comments

Amit Deka · 06/02/2017 at 2:48 PM

ধুনীয়া দে

Duljit · 01/07/2017 at 12:36 PM

Nice

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.